Minor Girl attempt to rape: সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

By

Published : Aug 11, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

গহপুৰ হেলেমত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা কৰা জঘন্য ঘটনা সংঘটিত হৈছে (Minor Girl attempt to rape)৷ গহপুৰ হেলেম চাহ বাগিচাৰ সমীপত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে একেখন চাহবাগিচাৰ ৪ নং লাইনৰ চামুৱেল কেৰ্কেটা (২৪) নামৰ লম্পটটোৱে পিছা কৰে (Minor Girl attempt to rape at Gohpur)৷ ছাত্ৰীগৰাকীক বাগিচাৰ মাজলৈ চোঁচৰাই নি লম্পটটোৱে কিশোৰীগৰাকীৰ পিন্ধি থকা কাপোৰ ফালি ছিৰি পেলোৱাৰ লগতে মাৰপিটো কৰে ৷ যেনেতেনে কিশোৰীগৰাকীয়ে লম্পটটোৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷ ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ পিতৃ-মাতৃক এই সমগ্ৰ ঘটনা জানিবলৈ দিয়ে ৷ কিশোৰীগৰাকীৰ পিতৃয়ে এই কথা শুনাৰ পিছতে চেমুৱেলক বিচাৰি যায় যদিও ঘৰৰ পৰা পলায়ন কৰিছিল লম্পটটোৱে ৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে হেলেম থানাত এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে হেলেম আৰক্ষীয়ে চেমুৱেলক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.