Statue of Gunaram Dhekial and Subha Boruah: গুণাৰাম ঢেকিয়াল আৰু শুভ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মন্ত্ৰী সৰ্বানন্দ সোনোৱালে

By

Published : Dec 1, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ কছাৰীবাৰীস্থিত সোণোৱাল ভৱনত বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল (Cabinet Minister Sarbananda Sonowal)আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Speaker Biswajit Daimary) উপস্থিত হৈ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়াল আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শুভ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে (Statue of Gunaram Dhekial and Subha Boruah)৷ ইয়াৰ উপৰিও সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয় । অনুষ্ঠানত বহুকেইগৰাকী ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, সোণোৱাল কছাৰী সমাজৰ গন্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়াল আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শুভ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দুয়োগৰাকী প্ৰয়াত মহান নেতাক শ্ৰদ্ধাৰে স্মৰণ কৰে । দুই গৰাকী নেতাই সোণোৱাল জনগোষ্ঠীৰ উত্তৰণৰ বাবে যথেষ্ট ত্যাগ কৰি গৈছে বুলিও কয় সৰ্বানন্দ সোণোৱালে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.