Axom adarxo gram yojana: টিংৰাই হাবি আদৰ্শ গাঁৱৰ দ্বিতীয় কিস্তিৰ আধাৰশিলা স্থাপন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:50 AM IST

thumbnail

তিনিচুকীয়া, 31 অক্টোবৰ : অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ইটাখুলি উন্নয়ন খণ্ড আৰু ৰংপুৰীয়া গাঁও পঞ্চায়তৰ টিংৰাই হাবিক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা হৈছে ৷ ইতিমধ্যে টিংৰাই হাবিত আদৰ্শ গাঁও হিচাপে বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে প্ৰথম কিস্তিত ৫০ লাখ টকা প্ৰদান কৰা হৈছে আৰু সেয়া কাৰ্যকৰীও হৈছে ৷

শেহতীয়াকৈ সোমবাৰে পুনৰ দ্বিতীয় কিস্তিৰ বাবে ৪৭ লাখ টকা প্ৰদান কৰাৰ পাচতে আধাৰশিলা স্থাপন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷ আধাৰশিলা স্থাপন কৰাৰ পাচতে শ্ৰমমন্ত্ৰীগৰাকীয়ে আদৰ্শ গাঁও হিচাপে চিহ্নিত কৰাৰ পাচত টিংৰাই হাবিত যথেষ্ট উন্নয়ন হোৱা বুলি উল্লেখ কৰাৰ লগতে আগন্তুক দিনসমূহত বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি সদৰী কৰে ৷

লগতে পঢ়ক : Leprosy detection campaign : তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.