আমি আমাৰ যুৱশক্তিক কেনেধৰণে নিয়োগযোগ্য কৰিব পাৰো সেয়াহে মূল কথা: ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:52 PM IST

thumbnail

বাইহাটা, 20 নৱেম্বৰ : বাইহাটা চাৰিআলিৰ পূৱ কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ গৌৰৱেৰে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনত এতিয়া প্ৰায় তিনিহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে ৷

সামৰণি অনুষ্ঠানত উপস্থিত হৈ শিক্ষামন্ত্ৰীয়ে কয় যে, "স্কীল মানে কেৱল কাঠ মিস্ত্ৰী. পকা মিস্ত্ৰী নহয় । স্কীল বুলি কলে ডাক্তৰ, ইঞ্জিনিয়াৰ সকলো হয় । বিভিন্ন ক্ষেত্ৰত সমাজখনৰ যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিব পৰাকৈ শিক্ষিত কৰাটোৱেই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য" ।

মন্ত্ৰীজনে এই বুলিও উল্লেখ কৰে যে, বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বুলি এতিয়া আৰু বিশেষ কোনো পাৰ্থক্য নাই ৰাষ্ট্ৰীয় শিক্ষা নীতিত । আগতে পিএইচ ডি, পোষ্ট গ্ৰেজুৱেট, গৱেষণা এই সকলোবোৰ বিশ্ববিদ্যালয়ত হৈছিল যদিও এতিয়া সেই শিক্ষা মহাবিদ্যালয়বোৰতো শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ।

লগতে পঢ়ক : Ranoj Pegu visits Lakhimpur:লালুক মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা আৰু ডিজিটেল পুথিভঁৰাল মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.