Ranoj Pegu visits Lakhimpur:লালুক মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা আৰু ডিজিটেল পুথিভঁৰাল মুকলি

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:48 PM IST

thumbnail

বিহপুৰীয়া, 3 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতিয়ে কেৱল পাঠ্যক্ৰম কেন্দ্ৰিক বা কেইটামান বিষয় কেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব নিদি সামগ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বৃহস্পতিবাৰে বিয়লি লখিমপুৰ জিলাৰ লালুক মহাবিদ্যালয়ত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত এটি ডিজিটেল শ্ৰেণীকোঠা আৰু বৰ্ধিত ডিজিটেল পুথিভঁৰাল গৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উদ্বোধনী অনুষ্ঠানত অংশ লৈ মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত সহায় কৰিব বুলি মন্তব্য কৰে । ইফালে এই গৃহ উন্মোচনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ লক্ষিনন্দন নাথে আদৰণি ভাষণ প্ৰদান কৰে ৷ সভাত মন্ত্ৰী গৰাকীৰ সৈতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম বৰগোহাঁইৱেও অংশ লয় ।

লগতে পঢ়ক : Golden jubilee of Lakhimpur Commerce College:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.