Minister Rameswar Teli at Moran:মৰাণহাট ৰে’লৱে ষ্টেচনত ফুট অভাৰব্ৰীজ উদ্বোধন

By

Published : Jul 17, 2023, 4:57 PM IST

thumbnail

ডিব্ৰুগড়,17 জুলাই: যোগাযোগৰ ক্ষেত্ৰত অধিক গতিশীল কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰে'ল ব্যৱস্থা উন্নয়নৰ বাবে তৎপৰ হৈছে । ইয়াৰ অংশস্বৰূপে চৰাইদেউ জিলাৰ মৰাণত অৱস্থিত মৰাণহাট ৰে’লৱে ষ্টেচনত নৱনিৰ্মিত এখন ফুট অভাৰব্ৰীজ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ দেওবাৰে নিশা ২ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষ ফুট অভাৰব্ৰীজখন উদ্বোধন কৰি মন্ত্ৰী তেলীয়ে কয়, ‘এই ফুট অভাৰব্ৰীজখনে মৰাণহাট ৰে’লৱে ষ্টেচনৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে ৷’

তেওঁ আৰু কয় ‘‘ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰে'লৱে ষ্টেচন আন্তৰ্জাতিক পৰ্যায়ৰ ষ্টেচন হিচাপে নিৰ্মাণ কৰা হ'ব ৷ অসমৰ প্ৰতিটো ৰে’লৱে ষ্টেচন অত্যাধুনিক কৰাৰ ব্যৱস্থা কৰা হৈছে ৷’’ উক্ত অনুষ্ঠানত উপস্থিত আছিল উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ প্ৰৱন্ধক উত্তম প্ৰকাশ,মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ 

লগতে পঢ়ক:New Constituency in Dibrugarh : মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱত উৎফুল্লিত ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.