Pijush Hazarika : ভূপেন বৰাক অসমৰ কপিল শৰ্মা আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:25 PM IST

thumbnail

ওদালগুৰি, 30 ছেপ্টেম্বৰ : "ভূপেন বৰা নিজেই নাস্তিক ৷ গতিকে ভগৱান ৰামৰ নাম লোৱাৰ অধিকাৰ ভূপেন বৰাৰ নাই ৷ কেইজনমানক কংগ্ৰেছলৈ নিব খুজিছে, কাক নিব আমাৰ জনা আছে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

শনিবাৰে নতুনকৈ গঠিত হোৱা ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টি আৰু টংলা বিধানসভা সমষ্টিত ক্ৰমে ডিমাকুছিৰ বৰঙ্গাজুলি সত্ৰ আৰু টংলাত বিজেপি দলৰ দুখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ সমষ্টি দুটাৰ মূল প্ৰভাৰীৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক দিগন্ত কলিতাই এই সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে ৷  

ভূপেন বৰাক অসমৰ কপিল শৰ্মা আখ্যা দি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ভূপেন বৰাই ৰাতিপুৱা শুই উঠিয়েই অসমক এটা ৰসাল কথা ক'বলৈ চিন্তা কৰে ৷ তাৰ বাহিৰে তেওঁৰ একো নাই বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ আৰু কয় যে, ভূপেন বৰা নিজেই নাস্তিক ৷ গতিকে তেওঁ ভগৱান ৰামৰ নাম ল’বই নাপায় ৷ কিয়নো কিছুদিন আগতে তেওঁ ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদি সজাইছিল বুলি মন্তব্য কৰে তেওঁ ৷

আনফালে বিধায়ক দিগন্ত কলিতাই ভূপেন বৰাৰ সৈতে নিজৰ দলৰে মানুহ নাই বুলি মন্তব্য কৰে ৷ আগন্তুক দিনত নৱ গঠিত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এই সাংগঠনিক সভা অনুষ্ঠিত কৰা বুলি দিগন্ত কলিতাই জনায় ৷  

লগতে পঢ়ক : Akhil Gogoi: 2024ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সকলো দম্ভ, অহংকাৰ শেষ হ’ব; অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.