Irregular power supply in Assam : অনিয়মীয়া বিদ্যুৎ সেৱাত অতিষ্ঠ হৈ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বিদ্যুৎ উপ-সংমণ্ডল

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 3:05 PM IST

thumbnail

আমগুৰি, 4 ছেপ্টেম্বৰ: আমগুৰিত অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয় । সদৌ অসম ছাত্ৰ সন্থা, আমগুৰি আঞ্চলিক সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা (অসম), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঐক্যৱদ্ধভাৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । লগতে অনিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত দাহ কৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি । 

আমগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ উপ প্ৰৱন্ধকক কাৰ্যালয় চৌহদত প্ৰতিবাদকাৰীৰে সৈতে আৰক্ষী চি আৰ পি এফৰ হতাহতি । শক্তিমন্ত্ৰী মূৰ্দাবাদ,বি জে পি চৰকাৰে হায় হায় শ্ল’গানেৰে উত্তাল কৰি তোলে উপ-সংমণ্ডল । দুঘণ্টা প্ৰতিবাদৰ অন্তত আমগুৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে অনিয়মীয়া বিদ্যুৎ যোগানৰ সমস্যা শীঘ্ৰেই সমাধান নহ’লে দল-সংগঠনে আমগুৰি বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত তলা ওলোমাই দিয়াৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Bajali Corruption Case: বজালীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ; চৰকাৰী বাসগৃহ ছীল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.