Price Hike: মূল্যবৃদ্ধিৰ ৰোধ কৰিবলৈ ৰাইজে খেতি কৰিব লাগিব; মন্ত্ৰী মহন

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:29 PM IST

thumbnail

হোজাই, 29 অক্টোবৰ : দেওবাৰে হোজাই জিলাৰ লংকা টাউন মণ্ডলৰ উদ্যোগত লংকাৰ মা লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানত অংশগ্রহণ কৰে মন্ত্রী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী যোগেন মহন ৷ অভাৱনীয় হাৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ দিয়াৰ সমান্তৰাল কৈ পৰোক্ষভাৱে প্ৰভাৱ পৰিছে কৰিছে দেশৰ অৰ্থনীতিত । 

মূল্যবৃদ্ধিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী যোগেন মহনে কয়, ‘‘যেতিয়া সামগ্ৰীৰ ব্যৱহাৰ বেছিকৈ হয় তেতিয়া উৎপাদনৰ পৰিমাণ কম হয় তেতিয়াই মূল্য বৃদ্ধি হয় ৷ উৎপাদ বৃদ্ধি হ’লে মূল্য কমে ৷ সেই বাবে আমি উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব লাগে । সকলোৱে খেতি কৰা উচিত ৷’’ মন্ত্ৰী মহনৰ এই উপদেশ অসমৰ ৰাইজে কিদৰে গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Hojai Encounter : আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী, গুলীবিদ্ধ ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.