Minister Jayanta Malla Baruah at Tinsukia: তিনিচুকীয়াত জল জীৱন মিছনৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:01 PM IST

thumbnail

তিনিচুকীয়া, ২৬ ছেপ্টেম্বৰ: অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে বিয়লি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত "জল জীৱন মিছন" সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ সৈতে এখনি পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ বৈঠকখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলাখনত “জল জীৱন মিছন”ত কামৰ অগ্ৰগতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ৷

মন্ত্ৰী বৰুৱাই বৈঠকৰ পাচত জিলাখনত জল-জীৱন মিছন আঁচনিৰ কাম ক্ষীপ্ৰতাৰে কৰা কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে ঠিকাদাৰৰ কামৰো অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই সমগ্ৰ দিশ পৰ্যবেক্ষণৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালক দায়িত্ব অৰ্পণ কৰে ৷ তেওঁ ২০২৪ চনৰ ভিতৰত ১০০ শতাংশ ঘৰলৈ বিশেষকৈ বাগান অঞ্চললৈ টেপযোগে পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ 

উক্ত বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিধায়ক ৰূপেশ গোৱালা, বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Jal Jeevan Mission; ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰ ব্লেকলিষ্টেড হ’ব : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.