ETV Bharat / state

Jal Jeevan Mission; ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰ ব্লেকলিষ্টেড হ’ব : মুখ্যমন্ত্ৰী

author img

By

Published : Mar 25, 2023, 10:03 PM IST

২০২৪ ৰ ৩১ মাৰ্চত অন্ত পৰিব জল জীৱন মিছন ৷ সেয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত ঠিকাদাৰে কৰিব লাগিব জল জীৱন মিছনৰ কাম ৷ নহ’লে তেনে ঠিকাদাৰক ব্লেকলিষ্টেড কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Contractors who fail to meet deadline to be blacklisted) । শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

blacklist contractors who fail to complete jal jeevan works
জল জীৱন মিছনৰ ঠিকাদাৰসকলক সকিয়নী মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৫ মাৰ্চ : ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰক কৰা হ’ব ব্লেকলিষ্টেড (Contractors who fail to meet deadline to be blacklisted) । অন্য কোনো বিভাগতে তেওঁলোকে ঠিকাৰ কাম কৰিব নোৱাৰিব ৷ শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা হয় পৰ্যালোচনামূলক সভা ৷ এই সভাতে জল জীৱন মিছনৰ ৰূপায়ণ সন্দর্ভত ঠিকাদাৰ আৰু তৃতীয় পক্ষ নিৰীক্ষণ সংস্থা আদিৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

এই সভাতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জল জীৱন মিছনৰ ঠিকাদাৰসকলক সকিয়নী দি কয়, ‘‘আজিৰ পৰা প্ৰথম ১৫ দিনৰ ভিতৰত পাৰ্ফমেঞ্চ গ্যাৰেণ্টি দিব লাগিব নহ’লে কাম এৰি দিয়ক ঠিকাদাৰসকলে ৷ ৯ এপ্ৰিলত পাৰ্ফমেঞ্চ গ্যাৰেণ্টি লৈ ঠিকাদাৰসকলৰ লগত মিটিঙত বহিম মই । কাৰ, কোন মন্ত্ৰী-বিধয়ক লগত ভাল তাক লৈ মোৰ কোনো কনচাৰ্ণ (Concern) নাই । ৱৰ্ক অৰ্ডাৰ লৈ কণী পাৰিব বুলি বহি থকা সকলৰ লগত সুকীয়াকৈ কথা পাতিম । তেতিয়া কিন্তু মোৰ কথাৰ ধৰণ বেলেগ হ’ব’’ ।

২০২৪ ৰ ৩১ মাৰ্চত জল জীৱন মিছন অন্ত পৰিব । সেয়েহে ঠিকাদাৰসকলক ২০২৩ ৰ ডিচেম্বৰ মাহৰ ভিতৰত কাম শেষ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । তেওঁ আৰু কয়, ‘‘সময়ত কাম কৰা, সময়ত পইচা লোৱা । তেনেকৈহে ৰাজ্যখন আগুৱাই যাব । চৰ্টকাৰ্ট (Shortcut)ত নাযাব । কাম ভাল কৰিলে আৰু ৩০ বছৰলৈ বেলেগ কাম পাব । কোনে কিমান ফুট পানীৰ পাইপ পুটিছে, কিমান কাম কৰিছে সকলোবোৰ মোৰ নজৰত আছে’’ ।

লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্ত্ৰী-বিষয়াসকলে ঠিকাদাৰকসকল সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায় । ইপিনে অভিযন্তা, বিষয়া-ঠিকাদাৰক হাৰাশাস্তি নকৰিবলৈ সকিয়নী দি কয়, ‘‘গেলামালত দোকান নকৰিব । অভিযন্তাই যদি পাক লগাইছে পাক খুলি দিয়ক ৷ নহ’লে বিপদত পৰিব’’ । তেওঁ আৰু কয়, ‘‘ৰাজহ চক্ৰ বিষয়াসকলে সাক্ষাৎকাৰ (Appointment) লোৱাৰ সময়ত শান্ত শিষ্ট থাকে । কিন্তু একাংশ কৰ্মচাৰীৰ পাল্লাত পৰি স্বভাৱ বেয়া হয় । তাৰ পিচত দুৰ্নীতি কৰি ধৰা পৰে’’ ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে জল জীৱন মিছনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশা - গ্ৰামাঞ্চলৰ জনসাধাৰণে ঘৰুৱা নল সংযোগৰ জৰিয়তে যাতে নিৰন্তৰভাৱে বিশুদ্ধ খোৱাপানী লাভ কৰে । চৰকাৰে প্ৰধানমন্ত্ৰীৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আজিৰ দিনলৈ এইক্ষেত্ৰত বহুদূৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেয়ে ২০২৪ চনৰ মাৰ্চৰ পূৰ্বে এই মিছনৰ লক্ষ্য পূৰণ কৰাৰ বাবে সকলোৰে সহযোগিতা নিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে, শনিবাৰে আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী, জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাস কাৰ্তিক এন প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Rahul Gandhi disqualify issue : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.