Jayanta Malla Baruah : বিৰোধী দলে কেৱল ৰাজনৈতিক কাৰণতে কিছুমান ইচ্ছ্যু চলাই থাকে; জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:58 PM IST

thumbnail

ছয়গাঁও, 16 ছেপ্টেম্বৰ : "গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা বিৰোধী দলেই হওক, কেতিয়াবা কেতিয়াবা তেওঁলোকে কেৱল ৰাজনৈতিক কাৰণতে কিছুমান ইচ্ছ্যু চলাই থাকে ৷ কিন্তু তেওঁলোকে প্ৰকৃত সত্যটো জানি ৰাইজৰ আগলৈ যাব লাগে ৷ প্ৰত্যেকবাৰেই তেওঁলোকে এনেদৰে মুখ থেকেচা খোৱা আমি দেখিবলৈ পাওঁ ৷" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ বাক যুদ্ধ সন্দৰ্ভত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ছয়গাঁও মিনি ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে তুলসী ৰাম কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ উদ্বোধনী খেলখন বঙাইগাঁও ইলেভেন ষ্টাৰ আৰু ডিভাইন ক্লাৱৰ মাজত অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে অংশ লৈ জয়ন্ত মল্ল বৰুৱাই অখিল গগৈ আৰু গৌৰৱ গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷   

লগতে পঢ়ক : Sootea News: নৱগঠিত নদুৱাৰ সমষ্টি দিয়া নহয় অগপক; পীযুষ হাজৰীকাৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.