Nalbari Polytechnic College: নলবাৰী পলিটেকনিক কলেজ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Aug 20, 2023, 6:42 PM IST

thumbnail

নলবাৰী, ২০ আগষ্ট: নলবাৰী জিলাৰ চান্দকুছিস্থিত নলবাৰী পলিটেকনিক কলেজত TATAৰ উচ্চ পদষ্ঠ বিষয়াসকলৰ লগত এখন সভাত অংশ গ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । দক্ষতা বিকাশ বিভাগৰ পৰিকল্পনা মতে টাটা টেকন'লজিৰ সহযোগত অসমৰ প্ৰতিখন আই টি আই আৰু পলিটেকনিকত উদ্যোগ সম্বন্ধীয়া লেব'ৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।  

সেই মৰ্মে নলবাৰী চান্দকুছিতো নিৰ্মীয়মান লেব'ৰেটৰী পৰিদৰ্শন আৰু বিভাগীয় উচ্চ পদষ্ঠ বিষয়াৰ লগত আলোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে নলবাৰীৰ ল'ৰা-ছোৱালীও আধুনীকৰণ আৰু যন্ত্ৰপাতিৰ সৈতে জ্ঞান আহোৰণ কৰি নতুন-নতুন বিজ্ঞান সন্মত কলা-কৌশল তথা আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰক । পূৰ্বতে চেন্নাই, মুম্বাই আদিত থকা একে ব্যৱস্থা এতিয়াৰে পৰা ৰাজ্যৰ অন্যান্য় প্ৰান্তৰ লগতে নলবাৰীতো উপলব্ধ হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:Dengue JE infections in Assam: ৰাজ্যত জটিল হৈ পৰিছে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.