ETV Bharat / state

Dengue JE infections in Assam: ৰাজ্যত জটিল হৈ পৰিছে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে

author img

By

Published : Aug 20, 2023, 1:54 PM IST

Updated : Aug 20, 2023, 1:59 PM IST

বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰি ডেংগু আৰু জাপানিজ এনকেফেলাইটিছে ঘাটক ৰূপ ধাৰণ কৰিছে । ডিফুত সৰ্বাধিক 2041 তকৈ অধিক লোক এতিয়ালৈকে ডেংগুত আক্রান্ত হৈছে । ৰাজ্যত এতিয়ালৈকে 3469 জন লোক ডেংগুত আক্ৰান্ত আক্ৰান্ত হৈছে । বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 126 জন লোক । ব্যৰ্থতা ঢাকিবলৈ ডেংগুৰ প্ৰতিৰোধত সাৱধানতা গ্রহণ নকৰা সাধাৰণ নাগৰিককহে 500 টকাৰ পৰা 5000 টকালৈ জৰিমনা বিহাৰ সকীয়নি স্বাস্থ্য বিভাগৰ ।

Dengue and encephalitis infections become complicated in Assam
ৰাজ্যত জটিল হৈ পৰিছে ডেংগু আৰু এনকেফেলাইটিছৰ সংক্ৰমণ

গুৱাহাটী, 20 আগষ্ট: ডেংগু আৰু জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ ক্ৰমাৎ অধিক জটিল হৈ পৰিছে । ৰাজ্যৰ বহু জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে দুয়োটা ৰোগে । বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰি ডেংগু আৰু জাপানিজ এনকেফেলাইটিছে ঘাটক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলং জিলাৰ ডিফু চহৰত ডেংগুৰ সংক্রমণে ৰাইজক উদ্বিগ্ন কৰি তুলিছে ।

পাহাৰীয়া জিলাখনৰ সদৰ ডিফুত ঘৰে ঘৰে ডেংগু ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে । স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবেই ডেংগুৰ দ্ৰুত সংক্রমণে পৰিস্থিতি জটিল কৰি তোলা বুলি অভিযোগ উত্থাপন হৈছে । এই পর্যন্ত ডিফুত 2041 তকৈ অধিক লোক ডেংগুত আক্রান্ত হৈছে । তদপুৰি জিলাখনত 4 জন ৰোগীৰ মৃত্যু হৈছে ।

চৰকাৰী তথ্য মতে শনিবাৰে পৰ্যন্ত ৰাজ্যত 3463 জন লোক ডেংগুত আক্ৰান্ত আক্ৰান্ত হৈছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যত নতুনকৈ 126 জন লোকৰ দেহত ডেংগু পজিটিভ ধৰা পৰিছে । শনিবাৰে কাৰ্বি আংলং জিলাতে সর্বাধিক 117 জন লোক ডেংগুত আক্ৰান্ত হৈছে । সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো ডেংগুৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ।

শনিবাৰে মহানগৰীত তিনিজন লোকৰ দেহত ডেংগু পজিটিভ ধৰা পৰিছে । তদুপৰি বিগত 24 ঘণ্টাত কামৰূপত দুজন আৰু ডিমা হাচাও, গোলাঘাট, হোজাই, শিৱসাগৰত এজনকৈ লোক ডেংগুত আক্রান্ত হৈছে । এডিছ মহে কামুৰিলে ডেংগুত আক্রান্ত হয় যদিও এই মহৰ বংশবৃদ্ধি প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় সজাগতা আৰু প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । মহৰ উৎপত্তি তথা কণী পাৰিব পৰা স্থানসমূহ চিনাক্ত কৰি ৰাইজক সজাগ কৰাটো স্বাস্থ্য বিভাগৰ দায়িত্ব আছিল ।

কিন্তু তাকে নকৰি এতিয়া বিভাগীয় ব্যৰ্থতা ঢাকিবলৈ এইবাৰ ডেংগুৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সাৱধানতা গ্রহণ নকৰা সাধাৰণ নাগৰিককহে 500 টকাৰ পৰা 5000 টকালৈ জৰিমনা বিহিব বুলি সকীয়নি প্ৰদান কৰিছে । লক্ষণীয় বিষয় যে, ডেংগুৰ সমান্তৰালভাৱে জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগেও ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জাপানিজ এনকেফেলাইটিছত ৰাজ্যত এই পর্যন্ত 426 জন লোক আক্রান্ত হোৱাৰ বিপৰীতে 24 জন ৰোগীৰ মৃত্যু হৈছে ।

অৱশ্যে 2022 বৰ্ষত আজিৰ দিনটোলৈ জাপানিজ এনকেফেলাইটিছত ৰাজ্যত 377 জন লোকহে আক্ৰান্ত হৈছিল । বিগত 24 ঘণ্টাত ৰাজ্যত নতুনকৈ 8 জন লোকৰ দেহত জাপানিজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে । শনিবাৰে ডিব্ৰুগড়ত তিনিজন, নগাঁৱত দুজন, শোণিতপুৰত দুজন আৰু ধুবুৰীত এজন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে । অৱশ্যে জাপানিজ এনকেফেলাইটিছ ৰোগতকৈ এনকেফেলাইটিছ সদৃশ (এ ই এছ) ৰোগত আক্ৰান্ত আৰু মৃতকৰ সংখ্যাই অভিলেখ ৰচিছে যদিও মন্ত্রী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগে এনকেফেলাইটিছ সদৃশ ৰোগীৰ তথ্য গাপ দিয়াহে পৰিলক্ষিত হৈছে ।

ইফালে এতিয়াৰে পৰা ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল'বলগা সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব জৰিমনা । জৰিমনাৰ পৰিমাণ 500 ৰ পৰা 5000 টকা পর্যন্ত । কাৰ্বি আংলঙৰ সদৰ ডিফুত ডেংগুৰ সংক্ৰমণ বৃদ্ধিক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰা কাৰ্বি আংলং স্বাস্থ্য বিভাগে ডিফু পৌৰসভাৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিছে এই ব্যৱস্থা । চলিত বৰ্ষত ডিফুৰ 2041 জন লোক ডেংগুত আক্রান্ত হোৱাক লৈ কঠোৰ হৈছে জিলা স্বাস্থ্য বিভাগ । ইতিমধ্যে ডেংগুত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 4 জনকৈ লোক ।

লগতে পঢ়ক: Assam BJP internal clash: ৰমাকান্ত দেউৰীৰ মনতো আছে বঞ্চিত হোৱাৰ অকথ্য বেদনা !

Last Updated :Aug 20, 2023, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.