নলবাৰী ৰাসত বাণিজ্য মেলা মুকলি

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 12:30 PM IST

thumbnail

নলবাৰী, 28 নৱেম্বৰ: নলবাৰী ৰাস মহোৎসৱৰ দ্বিতীয় দিনাৰ নিশা মহোৎসৱস্থলীত বাণিজ্য মেলা আৰু নলবাৰী হাট নামৰ এখনি প্ৰদৰ্শনী মেলাৰ উদ্ধোধন কৰা হয় । নলবাৰী বাণিজ্য মেলাখন উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ বাণিজ্য মন্ত্ৰী বিমল বড়াই । অসম বাণিজ্য সংস্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মেলাৰ । 

ইফালে, বাণিজ্য মেলাত বিভিন্ন থলুৱা সামগ্ৰী উপলব্ধ হৈছে । উক্ত স্থানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হোৱা নলবেইৰা হাটখন উদ্ধোধন কৰা হয় । উক্ত উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, মন্ত্ৰী ৰণজিৎ দাস, নলবাৰী হৰি মন্দিৰৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকে । বাণিজ্য মেলাখনত বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: অসম আৰু অসমীয়াক ভূয়সী প্ৰশংসা অভিনেতা নীতিশ ভৰদ্বাজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.