Population control in India: জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জনসংখ্যা সমাধান ফাউণ্ডেছনৰ

By

Published : Jul 11, 2023, 2:17 PM IST

thumbnail

বৰপেটা, 11 জুলাই: বিশ্ব জনসংখ্যা দিৱসৰ দিনটোতে জনসংখ্যা নিয়ন্ত্ৰণৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ ৷ ভাৰতবৰ্ষত ক্ৰমাৎ বৃদ্ধি পাই থকা জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দেশৰ সৰ্বত্ৰে উত্থাপিত হৈছে আইন প্ৰণয়নৰ দাবী ৷ ইতিমধ্যে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ নেতৃত্বত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত সমগ্ৰ দেশজুৰি অব্যাহত আছে স্বাক্ষৰ অভিযান ৷ জনসংখ্যা সমাধান ফাউণ্ডেছনৰ বৰপেটা জিলা সমিতিয়ে মঙলবাৰে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ দাবী জনায় ৷

দেশত বৃদ্ধি পোৱা জনসংখ্যা ফলত সৃষ্টি হ’ব পৰা গৃহযুদ্ধ সদৃশ পৰিৱেশ ৰোধৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিকল্প নাই বুলি উল্লেখ কৰি ইতিমধ্যে দেশৰ নাগৰিক, সাংসদ, জনপ্ৰতিনিধি আদিৰ সমৰ্থন লাভৰ বাবে সংগঠনটোৱে চেষ্টা চলাই আছে বুলি উল্লেখ কৰে  ৷ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন দাবীৰ প্ৰতি দেশৰ 125 গৰাকী সাংসদে মুকলি সমৰ্থন আগবঢ়োৱা বুলিও সদৰী কৰিছে সংগঠনটোৱে ৷ 

জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত সমগ্ৰ দেশজুৰি জনমত গঠন, স্বাক্ষৰ সংগ্ৰহ আদি কাৰ্যসূচীৰ লগতে অহা 22 ছেপ্টেম্বৰত দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য জনসংখ্যা সমাধান ফাউণ্ডেছনৰ ৷

লগতে পঢ়ক : Civil hospital of Jonai : জোনাইত ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.