ETV Bharat / state

Civil hospital of Jonai : জোনাইত ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি

author img

By

Published : Jul 11, 2023, 12:41 PM IST

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি জোনাইত পৰিণত হৈছে ফুটুকাৰ ফেনত ৷ জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক বিসংগতি পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান ৷

Civil hospital of Jonai
জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়

জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়

জোনাই, 11 জুলাই : জোনাইত নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত পৰিলক্ষিত হৈছে ব্যাপক বিসংগতি । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই নিৰ্মীয়মান চিকিৎসালয় গৃহটোৰ বেৰ, বীম, শৌচগাৰ আদি কেইবাঠাইতো বৃহৎ বৃহৎ আকাৰত মেলিছে ফাঁট ৷ 2018 চনৰ 11 জুনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল উক্ত জোনাই মহকুমা অসামৰিক চিকিৎসালয়খনৰ ৷

প্ৰায় 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই এনেদৰে পকী বেৰ, বীম, শৌচগাৰ আদিত ফাট মেলা দেখি শংকিত হৈ পৰিছে জোনাইবাসী ৰাইজে ৷

অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইবাসী ৰাইজৰ সপোনৰ অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰগৰাকীয়ে বিভাগীয় বিষয়া-অভিযন্তাৰে মিলি এনেদৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰা কাৰ্য দেখি আচম্বিত হৈ পৰিছে জোনাইবাসী ৷ ইফালে জোনাইবাসীৰ সপোনৰ নিৰ্মীয়মান অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত এনেদৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিচতো বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাকে ধৰি স্থানীয় বিভিন্ন জাতীয় সংগঠনসমূহৰ নিমাত ভূমিকাতো প্ৰশ্নবোধক তুলিছে বহুজনে ৷

উল্লেখ্য যে, জোনাইৰ 30 খন বিচনাযুক্ত চিকিৎসালয়ৰ কাষতে পাঁচ বছৰ পূৰ্বে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই জোনাই মহকুমা অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ উক্ত সময়ত উপস্থিত আছিল সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগুৰ লগতে ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু | সেয়ে জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ, বিভাগীয় বিষয়া-অভিযন্তাৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে জোনাইবাসী ৰাইজে ৷

লগতে পঢ়ক : Jorhat News : আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত মেৰাপানীৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.