অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ সৈতে মোহন ভাগৱতৰ বৈঠক

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 3:42 PM IST

thumbnail

ডিব্ৰুগড়, 30 ডিচেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে সত্ৰ নগৰী মাজুলী ভ্ৰমণ কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক মোহন ভাগৱত । দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সংঘচালকগৰাকীয়ে অংশগ্ৰহণ কৰি শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় । ডিব্ৰুগড়ৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় কেশৱ ভৱনত অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হয় ।

আলফা চৰকাৰৰ চুক্তিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন বিষয়ে এই আলোচনাত স্থান লাভ কৰা বুলি জানিব পৰা গৈছে । এই বৈঠকৰ সময়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াসহ সংঘ পৰিয়ালৰ বহু পুৰণি সদস্য উপস্থিত আছিল ।

এই বৈঠক সামৰি শনিবাৰে ডিব্ৰুগড়ৰ পৰা কলকাতা অভিমুখে ৰাওনা হয় আৰ এছ এছৰ প্ৰমুখ্যগৰাকী । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালকগৰাকীৰ অসম ভ্ৰমণক লৈ শাসক দলৰ বিজেপিৰ ভিতৰ চ’ৰাত ব্যাপক চৰ্চা অব‍্যাহত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : সমস্যাৰ সমাধান হোৱা নাই চাহ শ্ৰমিকৰ, প্ৰতিবাদত উত্তাল কাকতিবাৰী আৰক্ষী থানা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.