Massive Fire Breaks Out In Oil Rig: গেলেকীৰ হাতীপটিৰ তৈলখাদত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Jul 21, 2023, 7:17 PM IST

thumbnail

আমগুৰি,২১ জুলাই: আপোনাৰ মনত আছে নে বাঘজানৰ সেই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ! বাঘজানৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপটিত ৷ শুকুৰবাৰে গেলেকী হাতীপটিৰ এটা তৈলখাদত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে । SKP RIG NUMBER 152ৰ তৈলখাদত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে । যান্ত্ৰিক বিজুতিৰ ফলতেই এই বিধ্বংসী আগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।  

এই অগ্নিকাণ্ডৰ পাচতে আতংকই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ইতিমধ্যে নাজিৰা অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আমগুৰি অগ্নিনিৰ্বাপক বাহনী উপস্থিতি হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । আনহাতে বৰ্তমানলৈকে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই ৷ এই ঘটনাৰ উচিত তদন্ত কৰলৈ আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক:ONGC oil pipe burst in Amguri:তেলৰ পাইপ ফুটি নিৰ্গমন হৈছে তেল, চিন্তিত সাধাৰণ জনতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.