ONGC oil pipe burst in Amguri:তেলৰ পাইপ ফুটি নিৰ্গমন হৈছে তেল, চিন্তিত সাধাৰণ জনতা

By

Published : Jul 14, 2023, 5:43 PM IST

thumbnail

আমগুৰি, ১৪ জুলাই : শিৱসাগৰ জিলাৰ আমগুৰিৰ কালুগাঁও খৰাগড়ত খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমগুৰিৰ খৰিকটীয়া আলি আৰু মোহন হাজৰিকা আলি সংলগ্ন খৰাঁ‌গড় আলিৰ ওপৰত থকা অ.এন.জি.চি চাৰিআলি জি জি এচ লৈ যোৱা তেল পৰিবাহী পাইপ ফুটাৰ ফলত অহৰহ নিৰ্গত হৈ আছে খাৰুৱা তেল ।

অ.এন.জি.চিৰ কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ ফল ভুগিছে স্থানীয় লোকসকলে । পুৱাৰে পৰাই অহৰহ তেল নিৰ্গমনত হৈ থকাত অঞ্চলটোত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । অতি পুৰণি পাইপেৰে তেল সৰবৰাহ কৰি অ.এন.জি.চি কৰ্তৃপক্ষই জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপিত হৈছে ।

এসপ্তাহ পূৰ্বে একে স্থানতে খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল । সঘনাই পাইপ ফুটি থকাৰ পিচতো সঠিকভাৱে পৰিকল্পনা নকৰি সদায় পুৰণা পাইপ মেৰামতি কৰি থাকে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে খোৱা পানীও ভালদৰে খাবলৈ পোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে ৷ আজিও ঘটনাস্থলীত অ.এন.জি.চি ৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পাইপ মেৰামতিৰ কাম চলাই আছে । অঞ্চলটোত সঘনাই পাইপ ফুটি তেল নিৰ্গমন হৈ থকাৰ ঘটনাত ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক : Oil pipe leaked in Amguri: আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.