বৰপেটা হাউলী পথত দুৰ্ঘটনা

By

Published : Aug 27, 2022, 7:57 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

বৰপেটাত অঘটন ৷ শনিবাৰে বৰপেটা-হাউলী পথৰ কাজীৰ মিলৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ তথ্য অনুসৰি, কাজীৰ মিলৰ সমীপতে হঠাৎ মাৰুটি এল্ট’ 800 এখনৰ সৈতে এখন টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ হয় । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই দুৰ্ঘটনাত আহত হয় 11 জনকৈ লোক (Many injured in Barpeta Road accident) ৷ আহতসকলৰ ভিতৰত আছিল এগৰাকী মহিলা পুলিচ কৰ্মী আৰু এগৰাকী কলেজীয়া ছাত্ৰী ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত আহত সকলক 108 সেৱাৰ জৰিয়তে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে দুৰ্ঘটনাগ্ৰস্ত লোকসকল ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.