মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনভোজস্থলী মুকলি

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:49 PM IST

thumbnail

বাক্সা, 6 ডিচেম্বৰ : পুৰণিক বিদায় দি ইংৰাজী নতুন এটা বৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ সমান্তৰালকৈ বনভোজৰ দলসমূহেও সাজু হৈছে বনভোজৰ বাবে ৷ বিপৰীতে বিভিন্ন স্থানত বনভোজস্থলী মুকলি কৰিছে বিভিন্ন সংগঠনে ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনভোজস্থলী মুকলি কৰিছে বিভিন্ন বেচৰাকৰী সংগঠনৰ লগতে বি টি আৰ চৰকাৰৰ প্ৰশাসনে ৷

বুধবাৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নাৰেংগুৰী বনভোজস্থলী মুকলি কৰে বি টি আৰ চৰকাৰৰ ই এম ধনঞ্জয় বসুমতাৰীয়ে ৷ বনভোজস্থলীৰ পৰাই বনভোজকাৰী দলে জীপ চাফাৰী, নৌকা বিহাৰ আৰু অন্যান্য সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে ই এম বসুমতাৰীয়ে ৷

বনভোজকাৰী দলৰ কোনো সদস্যই যাতে বনভোজস্থলীত সুৰা সেৱন কৰি উপদ্ৰৱ নকৰে যেন তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ বনভোজস্থলী পৰিচালনা সমিতিক বিশেষ আহ্বান জনায় ই এম বসুমতাৰীয়ে ৷

লগতে পঢ়ক: হাগ্ৰামা মহিলাৰীৰ মতে তিনিখন আসনত বিপিএফ হ’ব জয়ী, মন্ত্ৰিত্বও ল’ব কেন্দ্ৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.