Manas national park: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:08 PM IST

thumbnail

চিৰাং, 2 অক্টোবৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী আৰু ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ সোমবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত বনচোন বাগান প্ৰৱেশদ্বাৰত আজি মানাহৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে ৷ 

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী আৰু ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ এলেকাত বিশ্ব ঐতিহ্যৰ বন্যপ্ৰাণীসমূহ পৰ্যটকসকলে চোৱাৰ সৌভাগ্য ঘটে বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিগত বছৰ সমূহৰ পৰা মানাহৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ মুকলি কৰি আহিছিল ৷

বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে মানাহৰ পাণবাৰী-ভূঞাপাৰা বনাঞ্চলিক এলেকাতো পৰ্যটকসকলে নিজৰ ভ্ৰমণ সাৰ্থক কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে ৷  পূৰ্বৰ তুলনাত পৰ্যটক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে তেওঁলোকে ৷ অনুষ্ঠানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীসহ পাণবাৰী-ভূঞাপাৰা বনাঞ্চলিক বিষয়া, স্থানীয় ৰাইজ উপস্থিত থাকে ৷ 

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়ো নৃত্য পৰিৱেশনৰ লগতে এখন সভাও অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত বিজনী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস, পাণবাৰী থানাৰ চক্ৰ বিষয়া জয়ন্ত কাকতি, পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাধন দত্তৰ লগতে পাণবাৰী অঞ্চলৰ ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : Manas national park : ন ন ব্যৱস্থা সংযোজনেৰে পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.