Murder in Guwahati: নৃশংস হত্যাকাণ্ড; পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:37 PM IST

thumbnail

গুৱাহাটী, ১৩ অক্টোবৰ: এটাৰ পিছত এটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰী । মহানগৰীৰ পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । এইবাৰ স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ । বেহাৰবাৰীৰ সোণকুছিত সংঘটিত হৈছে এই ঘটনা । মৃত মহিলাগৰাকীৰ নাম হামিদা বেগম । হামেদা বেগমক ডিঙি চেপি হত্যা কৰি পলায়ন স্বামীৰ ৷ পলাতক হত্যাকাৰী স্বামীৰ নাম জেল হক বুলি জানিবপৰা গৈছে ৷  

২ সন্তানৰ মাতৃ আছিল হামেদা বেগম ৷ গোৱালপাৰাৰ পৰিয়ালটো বেহাৰবাৰীত কিছুদিনৰ পৰা ভাৰাতীয়া হিচাপে আছিল ৷ দিন হাজিৰা কৰি বসবাস কৰিছিল জেল হকে ৷ ঘটনাস্থলীত ইতিমধ্যে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে প্ৰতিদিনে স্বামী-স্ত্ৰীৰ মাজত সংঘটিত হৈছিল কন্দল । বৃহস্পতিবাৰে নিশাও কথাৰ কটাকটি হৈছিল স্বামী-স্ত্ৰীৰ মাজত । নিশাৰ কন্দলৰ পিচত স্বামীয়ে পত্নীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । আন এক তথ্য অনুসৰি গোৱালপাৰা লক্ষীপুৰ থানাত আত্মসমৰ্পণ কৰিছে হত্যাকাৰী স্বামী জেল হকে ।  

লগতে পঢ়ক: Guwahati Murder: এই পৰ্যন্ত ৰহস্য কোনে কি কাৰণে হত্যা কৰিলে অঞ্জনক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.