ETV Bharat / state

Guwahati Murder: এই পৰ্যন্ত ৰহস্য কোনে কি কাৰণে হত্যা কৰিলে অঞ্জনক

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:34 AM IST

মহানগৰীত ক্ৰাইম পেট্ৰ’লসদৃশ ঘটনা ৷ বৃহস্পতিবাৰে মহানগৰীৰ কইনাধৰাত জনসমাগমৰ মাজতে অঞ্জন নাথ নামৰ যুৱকক গুলীয়াই হত্যা কৰিছিল ৷ এতিয়া অঞ্জনৰ হত্যাত নাম সাঙুৰ খাইছে পত্নীৰ প্ৰথম স্বামীৰ নাম...

Firing incident in Khanapara
কোনে হত্যা কৰিলে অঞ্জনক?

কোনে হত্যা কৰিলে অঞ্জনক?

গুৱাহাটী, ১৩ অক্টোবৰ: বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ খানাপাৰাৰ হেল্থ চিটি হাস্পতালৰ সন্মুখৰ কইনাধৰাত অঞ্জন নাথ নামৰ যুৱকক গুলীয়াই পলায়ন কৰে দুৰ্বৃত্তই । ইয়াৰ কিছু সময়ৰ পিচতে বুকুত গুলীবিদ্ধ যুৱকজনৰ মৃত্যু হয় । মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠ লতাকটাত । যুৱকজন বশিষ্ঠ চাৰিআলিৰ ওজা জেচিবিত কৰ্মৰত আছিল ৷ আনদিনাৰ দৰে বৃহস্পতিবাৰে সন্ধিয়া আঠ বজাত পত্নীক কামৰ পৰা আনিবলৈ গৈ খানাপাৰাত ৰৈ থাকোঁতে গুলীবিদ্ধ হয় অঞ্জন ।

এই ঘটনাৰ পিচতে এতিয়া পৰিয়ালটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ কিহৰ বাবে এনেদৰে গুলীয়াই হত্যা কৰিলে বশিষ্ঠৰ অঞ্জন নাথক !পৰিয়ালৰ লোকে প্ৰকাশ অনুসৰি, কাৰো সৈতে শত্ৰুতা নাছিল যুৱকজনৰ। বিগত সাত মাহৰ পূৰ্বে ঘৰৰ অমতত বিয়া কৰাই পৃথকৈ মহানগৰীৰ এটা ভাৰাঘৰত আছিল অঞ্জন। আগষ্ট মাহত পিতৃ বিয়োগৰ পিচত নিজ ঘৰলৈ গৈছিল অঞ্জন নাথ। আনহাতে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্জন নাথ হৈছে পত্নীৰ দ্বিতীয় স্বামী। পূৰ্বেও এগৰাকী মণিপুৰী যুৱকৰ সৈতে বিয়া হৈছিল পত্নীয়ে। তেওঁৰ এটা সন্তানো আছিল।

তেনেস্থলত পূৰ্বৰ স্বামীয়ে এই ঘটনা সংঘটিত কৰিছে নেকি বুলিও একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে । অৱশ্যে পূৰ্বৰ স্বামীৰ লগত এতিয়া তেওঁৰ কোনো ধৰণৰ যোগাযোগ নাই বুলি উল্লেখ কৰে অঞ্জন নাথৰ পত্নীয়ে।

ইফালে ঘটনাৰ পিচতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰা ঘটনাস্থলীত উপস্থিত হয় । প্ৰত্যক্ষদৰ্শীয়ে দুৰ্বৃত্তই ইয়ামাহা বাইকেৰে আহি উক্ত ঘটনা সংঘটিত কৰা বুলি অভিহিত কৰে আৰক্ষীক । কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

লগতে পঢ়ক: Firing incident in Khanapara: খানাপাৰাত গুলীচালনা, দুৰ্বৃত্তৰ গুলীত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.