ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

By

Published : Aug 21, 2022, 1:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ উপদ্ৰৱ (Man elephant conflict)৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈছে অঞ্চলবাসী (Man elephant conflict at Rangapara)৷ নিশা হ’লেই খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয় টোপনি হৰিছে অঞ্চলটোত ৷ শনিবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে তাৰাজুলি চাহ বাগিচাৰ ৭ নং শ্ৰমিক লাইনত থকা হামিদ আনচাৰীৰ দোকানখন ভাঙি চুৰমাৰ কৰে (Elephant destroyed shop)৷ বনৰীয়া হাতীকেইটাই দোকানখনৰ বয়-বস্তু ভঙাৰ লগতে দোকানৰ পকীৱাল ভাঙি যথেষ্ট ক্ষতিসাধন কৰে ৷ অঞ্চলটোত ইয়াৰ পূৰ্বেও বনৰীয়া হাতীয়ে কেবাবাৰো ত্ৰাসৰ সৃষ্টি কৰিছিল ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.