Road accident in Nalbari : নলবাৰীৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Apr 25, 2023, 2:10 PM IST

thumbnail

নলবাৰী, 25 এপ্ৰিল : নলবাৰীৰ মুকালমুৱাৰ বদনী আখিয়াত আজি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাৱে আহত হয় আন এজন ৷ নিহত যুৱকজনৰ নাম আইনাল হ'ক (20) আৰু আহত যুৱকজনৰ নাম অহেব আলী (20) বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত পতিত হোৱা দুচকীয়া বাহনখনৰ নম্বৰ AS 25K 4858 (One Person Died in a Road Accident in Nalbari) ৷

জানিব পৰা মতে, এখন দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ই-ৰিক্সাত সন্মুখৰ পৰা খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইফালে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে স্থানীয় লোকে যুৱক দুজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ অৱশ্যে ইয়াৰে এজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে (Road accident in Nalbari) ৷

জানিব পৰা মতে, দুয়োজন যুৱকৰে ঘৰ হাজোৰ টাঙোনমাৰীত ৷ স্থানীয় লোকে উল্লেখ কৰা মতে, হাজোৰ হাবলাখাটত বিয়া খাবলৈ আহিছিল দুৰ্ঘটনাত পতিত হোৱা দুই যুৱকে ৷ হাজো-গুৱাহাটী দিশৰ পৰা মুকালমুৱা অভিমুখী এখন ই ৰিক্সাৰে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ 

লগতে পঢ়ক: Barpeta Moral Police Incident : বৰপেটাৰোডকাণ্ডৰ ১০ অভিযুক্তক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.