’24 নিৰ্বাচন : ডিব্ৰুগড়-তেজপুৰ-বৰপেটা-গুৱাহাটীত অজাপ এ প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:30 PM IST

Updated : Dec 18, 2023, 2:47 PM IST

thumbnail

ডিব্ৰুগড়, 18 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক দল বিজেপিৰ সমানে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ । বিজেপিক পৰাভূত কৰাৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলে বিৰোধী ঐক্যমঞ্চ গঠন কৰি লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে । কিন্তু সমগ্ৰ দেশতে আগ্ৰাসী ৰূপত থকা বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

ইফালে বিৰোধী ঐক্য মঞ্চই আজি পৰ্যন্ত নিৰ্দিষ্ট কৰিব পৰা নাই কোন দলে, কোন সমষ্টিৰ পৰা নিবাৰ্চন খেলিব । ডিব্ৰুগড়, তেজপুৰ, বৰপেটা আৰু গুৱাহাটী লোকসভাত অজাপ এ প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা থকাৰ কথা ইংগিত দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

উল্লেখ্য যে, দেওবাৰে নাহৰকটীয়াৰ জামুগুৰি ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত লুৰীণজ্যোতি গগৈয়ে দলৰ সাংগঠনিক ভেটি সবল হৈ থকা ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী আৰু বৰপেটাত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত আগবঢ়োৱাৰ কথা উল্লেখ কৰে । কিন্তু বিৰোধী ঐক্য মঞ্চৰ আলোচনাৰ পাচতহে প্ৰাৰ্থিত্বৰ বিষয়টো নিশ্চিত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : যিটো দলৰ বিৰোধিতা কৰিছিল, এতিয়া তালৈ যাব ওলাইছে দীপাংক নাথ : লুৰীণজ্যোতি গগৈ

Last Updated : Dec 18, 2023, 2:47 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.