Lok kalyan divas : মাজুলীৰ আনন্দ শইকীয়াক লোক সেৱা বঁটা প্ৰদান

By

Published : Aug 6, 2023, 1:27 PM IST

thumbnail

মাজুলী, ৬ আগষ্ট: সমগ্র ৰাজ্যৰ লগতে শনিবাৰে সত্ৰ নগৰী মাজুলীতো লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে লোক কল্যাণ দিৱস পালন কৰা হয় । শনিবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা লোক কল্যাণ দিৱস দিৱস মাজুলী জিলা উপায়ুক্তৰ সভাকক্ষত পালন কৰা হয় । ২০২৩-২৪ বৰ্ষৰ লোক সেৱাৰ বাবে জিলাখনৰ পৰা নিৰ্বাচিত হোৱা মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কৰ্মচাৰী আনন্দ শ‌ইকীয়াক তেওঁৰ কর্মৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰে ।  

জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত ড৹ ভৰত কোঁৱৰে আনন্দ শইকীয়াক 'লোকসেৱা বঁটা' প্ৰদান কৰে । উক্ত অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত ৰাহুল ফুকন আৰু সৰোজ সোণোৱালকে প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনন্দ শইকীয়াই বঁটা গ্ৰহণ কয় যে কৰ্ম কৰি যাব লাগে, কৰ্মৰ ফল বাঞ্চা কৰিব নেলাগে,সৎ কৰ্মৰ ফল এদিন নহয় এদিন পাবই ।

লগতে পঢ়ক:Lok Kalyan Divas: নগাঁৱত লোক কল্যাণ দিৱস পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.