ETV Bharat / state

Lok Kalyan Divas: নগাঁৱত লোক কল্যাণ দিৱস পালন

author img

By

Published : Aug 6, 2023, 7:40 AM IST

Lok Kalyan Divas observed in Nagaon
নগাঁৱত লোক কল্যাণ দিৱস পালন

শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় লোক কল্যাণ দিৱস ২০২৩ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো পালন কৰা হয় লোক কল্যাণ দিৱস । নগাঁৱৰ লোক কল্যাণ দিৱসত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

নগাঁও,৬ আগষ্ট: শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলা প্ৰশাসনেও অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তথা আধুনিক অসম গঢ়োতা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে লোক কল্যাণ দিৱস ২০২৩ পালন কৰে ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসমৰ মহান ৰাষ্ট্ৰনেতাগৰাকীৰ জীৱন আৰু অৱদানৰ বিষয়ে বিস্তৃত আভাস দিয়ে ৷ নগাঁৱৰ ৰহা এই মহান নেতাগৰাকীৰ জন্মস্থান হোৱা হেতুকে নগাঁও জিলাৰ বাবে ই এক গৌৰৱ বুলি তেখেতে বিশেষভাৱে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে এই দিৱস “লোক কল্যাণ দিৱস” হিচাপে উদযাপন কৰাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰাৰ লগতে প্ৰয়াত নেতাগৰাকীয়ে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰি জনসাধাৰণৰ সেৱাত ৰত হ’বলৈ প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ লগতে সকলোৱে চেষ্টা কৰিব লাগে বুলি উল্লেখ কৰে ।

নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশী কান্ত দাসেও নেতাগৰাকীৰ মহান আদৰ্শক স্মৰণ কৰে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত নগাঁও জিলা প্ৰশাসনৰ দুগৰাকী কৰ্মচাৰীক জিলা পৰ্যায়ৰ “লোক সেৱা পুৰস্কাৰ ২০২৩” প্ৰদান কৰা হয় । এই বৰ্ষত লোক সেৱা পুৰস্কাৰ লাভ কৰা কৰ্মচাৰী দুগৰাকী হ'ল ক্ৰমে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক দিবন জ্যোতি বৰুৱা আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ জাৰিকাৰক নিৰোদ চন্দ্ৰ ডেকা ।

আনুষ্ঠানিক বৈঠকৰ পূৰ্বে উপস্থিত বিশিষ্ট ব্যক্তি আৰু বিষয়াসকলে মহান নেতাগৰাকী প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি আৰু দীপ প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্ত, নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়া, অতিৰিক্ত জিলা আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল উপস্থিত থাকে ।

ইয়াৰ উপৰিও লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত নগাঁও জিলা পৰিষদৰ প্ৰতিনিধি, সমাজকৰ্মী অভিজিৎ নাথ, জিলা প্ৰশাসনৰ বিভাগসমূহৰ বিভাগীয় মুৰব্বী সকল আৰু নগাঁও জিলা প্ৰশাসনৰ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তি আৰু কৰ্মচাৰীসকলো উপস্থিত থাকি অনুষ্ঠানটিৰ সৌন্দৰ্য বৃদ্ধি কৰে ।

লগতে পঢ়ক: Badruddin Ajmal: কংগ্ৰেছে আমাক ধ্বংস কৰিব বিচাৰিছে; বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.