ETV Bharat / state

Badruddin Ajmal: কংগ্ৰেছে আমাক ধ্বংস কৰিব বিচাৰিছে; বদৰুদ্দিন আজমল

author img

By

Published : Aug 5, 2023, 8:49 PM IST

অসমৰ বিৰোধী ঐক্যত স্থান লাভ নকৰিলেও ৰাষ্ট্ৰীয় বিৰোধী ঐক্যক লৈ আশাবাদী বদৰুদ্দিন আজমল ৷ শনিবাৰে মৈৰাবাৰীত উপস্থিত হৈ তাৰেই ইংগিত দিলে আজমলে ৷

Badruddin Ajmal
Badruddin Ajmal

কংগ্ৰেছে আমাক ধ্বংস কৰিব বিচাৰিছে; বদৰুদ্দিন আজমল

ধিং, 5 আগষ্ট: অসমৰ বিৰোধী ঐক্য মঞ্চত বদৰুদ্দিন আজমলৰ AIUDF দলক স্থান নিদিলেও লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আজমলেও আৰম্ভ কৰিছে অভিযান ৷ শনিবাৰে মৈৰাবাৰীত উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ গঠন হোৱা বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত আজমলে মন্তব্য কৰে ৷

2024 চনৰ লোকসভা নিৰ্বাচনত AIUDFক বিৰোধী ঐক্য মঞ্চত চামিল নকৰা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কয় যে ইয়াৰ পৰা কেৱল লাভ হ’ব বিজেপিৰ, আৰু তেওঁলোকে (বিৰোধী ঐক্য মঞ্চ) এইটোৱেই বিচাৰিছে ৷ অসম কংগ্ৰেছে AIUDFক ধ্বংস কৰাৰ বাবে প্ৰচেষ্টা চলোৱা বুলিও কয় আজমলে ৷

ইফালে, ৰাহুল গান্ধীৰ প্ৰসংগতো মন্তব্য কৰে আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ শাস্তিত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশনাক আদৰণি জনাই আজমলে কয় যে ৰাহুল গান্ধীৰ ওপৰত চৰকাৰৰ অত্যাচাৰ বন্ধ হ’ব লাগে ৷ লগতে ৰাষ্ট্ৰীয় বিৰোধী ঐক্য INDIAৰ লগত আছো বুলিও কয় আজমলে ৷

অৰ্থাৎ অসম কংগ্ৰেছে আজমলক গুৰুত্ব নিদিলেও ৰাষ্ট্ৰীয় বিৰোধী ঐক্যক লৈ আশাবাদী আজমল ৷ আনহাতে হাৰিয়ানাত সংঘটিত হোৱা পৰিস্থিতিও চৰাকৰে শীঘ্ৰেই নিয়ন্ত্ৰণ কৰিব লাগে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে শনিবাৰে আজমলে ভাতৃ মৌলানা চিৰাজ উদ্দিনক লগত লৈ মৈৰাবাৰীৰ নিজ ধিং বালি গাঁৱত এখন ব্যক্তিগত চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে প্ৰায় দুই শতাধিক লোক ৷ মৈৰাবাৰীৰ নিচিনা অতি পিছ পৰা অঞ্চলটোত এখন চিকিৎসালয় হ’লে ৰাইজৰ যথেষ্ট সহায় হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Bharat Jodo Yatra 2: ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী অৰুণাচলৰ পাছিঘাটৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.