Congress slams BJP: পিয়াঁজেই সৰ্বনাশ মাতিছিল কংগ্ৰেছ দললৈ বুলি কিয় ক’লে বিৰোধী দলপতিয়ে ?

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:37 AM IST

thumbnail

আমগুৰি, 3 নৱেম্বৰ: পিয়াঁজে ডুবাব বিজেপিক বুলি শুকুৰবাৰে মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । পিয়াঁজৰ মূল্যবৃদ্ধিৰ বাবেই কংগ্ৰেছৰ দৰে বিজেপিয়েও ডুবিব বুলি সংবাদ মাধ্যমৰ আগত আমগুৰিত মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে । 

শুকুৰবাৰে আমগুৰি সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় শইকীয়াই । দিল্লীত কংগ্ৰেছৰ শীলা দীক্ষিতে পিয়াঁজৰ বাবেই মুখ ঠেকেচা খাইছিল বুলিও অকপট স্বীকাৰোক্তি দিয়ে বিৰোধী দলপতিগৰাকীয়ে । অসমটো বিজেপি দলৰ তেনে পৰিস্থিতিয়ে হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰে । 

বিজেপিয়ে মূল্যবৃদ্ধিৰ জৰিয়তে আৰ্জিত অতিৰিক্ত ধনেৰে নিৰ্বাচনী প্ৰচাৰ চলায় বুলি শাসকীয় দলটোক কটাক্ষ কৰে দেৱব্ৰত শইকীয়াই । উল্লেখ্য যে, আজি আমগুৰি সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসকৰ সমস্যা আৰু আন্তঃগাথঁনিজনিত সমস্যাৰ বুজ লৈ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ আশ্বাস দিয়ে বিৰোধী দলপতিগৰাকীয়ে । 

লগতে পঢ়ক: Marathon race to establish unity and integrity: ঐক্য আৰু সততা প্ৰতিষ্ঠাৰ বাবে আৰম্ভ মাৰাথন দৌৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.