FIR against Himanta: মুখ্যমন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:36 PM IST

thumbnail

গুৱাহাটী,২০ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল । এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সভাপতি কমল নাথৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নাজিৰা থানাত এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতিগৰাকীয়ে । 

নাজিৰা থানাত এজাহাৰ দাখিলৰ পাছতে সংবাদ মাধ্যমৰ আগত দেৱব্ৰত শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়েও ৰাজনৈতিক নেতাই বিদ্বেষমূলক মন্তব্য দিয়াটো উচিত নহয় বুলি কৈছে । লগতে গোচৰ তৰাৰো কথা কৈছে । তেওঁ কয় যে সোমবাৰে মধ্যপ্ৰদেশত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰৰোচনা তথা বিদ্বেষমূলক মন্তব্য কৰিছিল । 

এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্রীৰ পৰা আশা কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত অসম আৰক্ষীয়ে কি ধাৰা প্ৰয়োগ কৰিব সেয়া তেওঁ নাজানে । তেওঁ লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে ধৰ্মীয় উত্তেজনা বিয়পোৱা মন্তব্য কৰি আহিছে ।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মধ্য প্ৰদেশৰ বৈশালী নগৰত ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি কমল নাথ যদি হনুমান ভক্ত হয় তেন্তে তেওঁ লংকাৰূপী 10 জনপথ জ্বলাই দিব লাগে বুলি মন্তব্য কৰিছিল ৷ উল্লেখ্য যে 10 জনপথ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ চৰকাৰী আৱাসস্থান ৷ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷ 

লগতে পঢ়ক: Himanta Biswa Sarma: যেতিয়ালৈকে চন্দ্ৰ, সূৰ্য থাকিব তেতিয়ালৈকে হিন্দুত্ব থাকিব; ৰাজস্থানত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.