Lachit Divas in Sivasagar: শিৱসাগৰত লাচিত দিৱস উদযাপন

By

Published : Nov 24, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰীয়া ৰাইজৰ সহযোগত লাচিত দিৱস উদযাপন কৰা হয়(Lachit Anniversary celebrated in Sivasagar) ৷ পুৱা লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । দুপৰীয়া ১২:৩০ বজাৰ পৰা এখন সভা আহ্বান কৰা হয় য'ত লাচিতৰ বীৰত্ব আৰু দেশপ্ৰেমৰ বিষয়ে আলোচনা কৰা হয়(400th Birth Anniversary of Lachit Borphukan) । ইফালে আজি শিৱসাগৰ জিলা প্ৰশাসনৰ দায়িত্বত থকা আনন্দ ৰাম বৰুৱা শিশু উদ্যানত এখন পুতলা ৰেলগাড়ী জিলা পৌৰসভাই প্ৰদান কৰে । লগতে শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক শিৱদলৰ(Historical Shiva dol) প্ৰাংগণত ৩৫ ফুট ওখ এটা লাচিতৰ সৌধ সজাই তুলিছে । সন্ধিয়ালৈ নগৰৰ বিভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰি বীৰজনলৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.