Barpeta Medical College: বৰপেটা মেডিকেল কলেজত অট্টালিকাৰ পৰা পৰি শ্ৰমিক আহত

By

Published : Jun 11, 2023, 10:32 PM IST

thumbnail

বৰপেটা, ১১ জুন: বৰপেটা মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে ৷ গুৰুতৰভাৱে আহত শ্ৰমিকজন ধুবুৰী জিলাৰ আবু তালেব  ৷ ২৪ বছৰীয়া আবু তালেব বৰপেটা মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ বাবে নতুনকৈ নিৰ্মাণ কৰা এটা পাঁচ মহলীয়া অট্টালিকাৰ ওপৰ মহলাত ৰং কৰি থকা অৱস্থাত মাটিত পৰি যায় ৷

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক ততালিকে আই চি ইউ'ত ভৰ্তি কৰে চিকিৎসকে ৷ অট্টালিকাটোত ৰং কৰি থকা সময়ত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নোলোৱা বাবেই শ্ৰমিকজন ওপৰৰ পৰা পৰি যোৱা বুলি একাংশ শ্ৰমিকে অভিযোগ কৰিছে ৷ ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই কোনো কথা সদৰি কৰা নাই যদিও প্ৰত্যক্ষদৰ্শী শ্ৰমিকসকলে অট্টালিকাটোৰ পৰা পৰি যোৱাৰ লগে লগে শ্ৰমিকজন থিতাতে নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:Assam earthquake : অসমত 3.6 প্ৰাৱল্যৰ ভূমিকম্প, অভিকেন্দ্ৰ শোণিতপুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.