ETV Bharat / state

Assam earthquake : অসমত 3.6 প্ৰাৱল্যৰ ভূমিকম্প, অভিকেন্দ্ৰ শোণিতপুৰ

author img

By

Published : Jun 11, 2023, 2:27 PM IST

Assam earthquake
ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

দেওবাৰৰ পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 3.6 (Assam earthquake today) ৷

তেজপুৰ, 11 জুন: ৰাজ্যত পুনৰ ভূমিকম্প ৷ দেওবাৰে দিনৰ 11.35 মিনিটত অনুভূত হয় এই ভূঁইকপৰ । বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 3.6 আৰু উৎপত্তি স্থল শোণিতপুৰৰ জিলা ৷ মাত্ৰ 5 কিলোমিটাৰ গভীৰতাত ইয়াৰ উৎপত্তি স্থল বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Earthquake hits Sonitpur) ৷

আনহাতে শনিবাৰে নিশাৰে পৰা জিলাখনত আৰম্ভ হৈছে বৰষুণ । বিগত 13 দিনত 3 টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে জিলাখনত ৷ ইয়াৰোপৰি, 9 জুন শুকুৰবাৰে পুৱা 10.05 মিনিটত এক ভূঁইকপে সমগ্ৰ ৰাজ্যকে জোকাৰি যায় । এই ভূঁইকপৰ জোকাৰণি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈকে অনুভূত হয় । ভূ-গৰ্ভৰ পৰা 10 কিলোমিটাৰ গভীৰতাত এই ভূঁইকপৰ উৎপত্তিস্থল (Assam earthquake 2023) ।

ইয়াৰ পূৰ্বে যোৱা 29 মে'ৰ পুৱাও এক প্ৰচণ্ড ভূঁইকপে সমগ্ৰ শোণিতপুৰ জিলাৰ লগতে অসমৰ কেইবাখনো জিলাত অনুভূত হয় । বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ৰিখটাৰ স্কেলত 4.4 প্ৰাৱল্যৰ আছিল এই জোকাৰণি । পুৱা 8.03 মিনিটত অহা ভূমিকম্পৰ উৎপত্তিস্থল শোণিতপুৰ জিলা আৰু ই মাত্ৰ 15 কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল (Assam earthquake news) ।

2021 চনৰ 28 এপ্ৰিলৰ দিনা অহা 6.8 প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি স্থলো শোণিতপুৰ আছিল আৰু ইয়াৰ পিচত এটা দিনতে চাৰিটাকৈ ডাঙৰ ভূমিকম্পৰ পিছত এক সপ্তাহলৈকে মুঠ 34 টা সৰু সৰু ভূমিকম্প আহিছিল বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে, উত্তৰ অসম ভূমিকম্প প্ৰৱল এলেকা হিচাবে চিহ্নিত হৈছে আৰু ইয়াৰ প্ৰতিবন্ধকতা হিচাবে চৰকাৰে সকলো জিলাতে দুৰ্যোগ প্ৰশমন বিভাগ পূৰ্বতকৈ শক্তিশালী কৰি তুলিছে । এই বিভাগটোৰ স্থানীয় SDRF ৰ উপৰিও কেন্দ্ৰীয় বিভাগ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ লগত সংযোগ কৰা হৈছে (Assam earthquake update) ।

উল্লেখযোগ্য যে, 2021 চনৰ ভূমিকম্পৰো উৎপত্তিস্থল আছিল শোণিতপুৰৰ ঢেকীয়াজুলিৰ সমীপ অঞ্চল আৰু ইয়াৰ ফলত তেজপুৰ ডিপোতাৰ নদীৰ সমীপত পথাৰৰ মাটি ফাটি পানী ওলাইছিল আৰু নদীৰ পানীত বুৰবুৰণিৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক : Robbers detained: অস্ত্ৰসহ কৰিমগঞ্জ আৰক্ষীৰ জালত পাঁচ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.