Raas Leela in Amguri: আমগুৰিত পাটৰ পোছাকেৰে কৃষ্ণকেন্দ্ৰিক ৰাসৰ নাট

By

Published : Nov 9, 2022, 2:11 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমগুৰি নগৰতো পূৱেৰুণ শিল্পী সমাজৰ উদ্যোগত পালন কৰা হৈছে ৰাস মহোৎসৱ (Raas celebrated in Assam) । সচৰাচৰ প্ৰদৰ্শিত 'কংসকেন্দ্ৰিক' নাটৰ বিপৰীতে ইয়াত পৰিলক্ষিত হ’ল ব্যতিক্ৰমী ৰূপত 'কৃষ্ণকেন্দ্ৰিক' এখন নাট (Raas at Amguri Sivasagar) । লগতে নাটৰ সমূহ কুশী-লৱই পৰিধান কৰা পোছাক আছিল অসমীয়া পাট কাপোৰৰ । আমগুৰিৰ 'পূৱেৰুণ শিল্পী সমাজ'ৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত ভাগৱত বিশ্লেষণ অনুষ্ঠান আৰু শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ উদযাপন অনুষ্ঠানৰ চতুৰ্থ দিনাৰ কাৰ্যসূচীত ৰাসোৎসৱৰ নাট উদ্বোধন (Krishna drama at Raas at Amguri) কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে (MP Tapon Kumar Gogoi) । আমগুৰি নগৰৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই ৰাসোৎসৱত অঞ্চলটোৰ ৰাইজৰ বিপুল উৎসাহ পৰিলক্ষিত হয় । নাট প্ৰদৰ্শনৰ পূৰ্বে সন্ধিয়া অনুষ্ঠিত চমু অনুষ্ঠানত যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ৰশ্মিৰেখা দেৱীয়ে উন্মোচন কৰে অনুষ্ঠানটিৰ স্মৃতিগ্ৰন্থ 'ৰূপোৱালী যমুনা' ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.