Minister Keshab Mahanta at AIIMS: নিৰ্মীয়মাণ AIIMS পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে

By

Published : Apr 4, 2023, 2:25 PM IST

thumbnail

গুৱাহাটী, 4 এপ্ৰিল : মুকলিৰ পথত গুৱাহাটীত নিৰ্মীয়মাণ অৱস্থাত থকা AIIMS ৷ অহা 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন । ইতিমধ্যে প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে চিকিৎসা প্ৰতিষ্ঠানখনৰ । সোমবাৰে নিৰ্মাণ কাৰ্যৰ বুজ লবলৈ চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Guwahati AIIMS ready to service) ।

মন্ত্ৰীগৰাকীয়ে সভা হ’বলগীয়া স্থান, গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ অন্যান্য স্থানসমূহ পৰিদৰ্শন কৰি বাকী থকা কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ পৰিদৰ্শকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কীৰ্তী জ্জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে এইমছৰ উচ্চ পদস্থ বিষয়াসকল । ইতিমধ্যে AIIMS ত ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ পৰা গৈছে (Keshab Mahanta visited Guwahati AIIMS) ।

৭৫০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিচনা কাৰ্যক্ষম হৈ আছে । ইতিমধ্যে চিকিৎসালয়খনত OPD সেৱা আগবঢ়াই থকা হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । বৰ্তমান তিনিটা একাডেমীক বৰ্ষৰ পাঠদান চলি আছে (AIIMS Guwahati to be inaugurate by PM Modi) ।

লগতে পঢ়ক : Pijush Hazarika vs Kejriwal: এইবাৰ কেজৰিৱালক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.