Morigaon Foundation Day: মৰিগাঁৱৰ চাৰণ বিলত কায়াকিং-কেনয়িং প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 9:21 PM IST

thumbnail

মৰিগাঁও, 15 অক্টোবৰ: ৩৫ সংখ্যক মৰিগাঁও দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মৰিগাঁও চাৰণ বিলত অনুষ্ঠিত হয় কায়াকিং-কেনয়িং প্ৰতিযোগিতা । দ্বিতীয় দিনটোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । প্ৰতিযোগিতাৰ শেষত উদ্বোধক ৰমাকান্ত দেউৰীয়ে কয় যে এই চাৰণ বিলত প্ৰশিক্ষণ লৈয়ে এই বছৰত ৩৫ গৰাকী শিক্ষিত যুৱক-যুৱতীয়ে অসম আৰক্ষী, সামৰিক, অৰ্ধসামৰিক বাহিনীত মকৰল পাবলৈ সক্ষম হৈছে । এয়া মৰিগাঁও জিলাবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে । আনহাতে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ঐতিহ্যমণ্ডিত চাৰণ বিলক আন্তজাৰ্তিক কায়াকিং-কেনয়িং তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটনথলীলৈ উন্নীত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখোৱা বুলি সদৰী কৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.