Kati Bihu 2023 in Assam:জলবন্দী লোগুটিবাসীৰ কাতি বিহুত চাকি জ্বলাবলৈ নাই ঠাই

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:25 PM IST

thumbnail

ধেমাজি, ১৮ অক্টোবৰ: আজি কাতি বিহু । অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্যই বহন কৰিছে এক সুকীয়া মাত্ৰা । পৰম্পৰাগত নীতি-নিয়মেৰে ঘৰে ঘৰে তুলসীৰ তলত চাকি আৰু নৈবদ্য আগবঢ়ায় । শিশুসকলে তুলসী দেৱীৰ নাম গাই প্ৰাৰ্থনা কৰি সেৱা লয়  ৷ পিছে পৰিতাপৰ বিষয় যে বানে গৰকা ধেমাজিৰ লোগুটিবাসীৰ চকুত কেৱল হুমুনিয়াহ, হাতাশা ৷ কাৰণ কামিয়া নৈয়ে লোগুটি অঞ্চলত ৬৫ ঘৰ আৰু লোগুটি খৰাগড়ৰ দুকুৰি পৰিয়ালক কামিহাড় ভাঙিছে ৷ সেয়ে আজি সৰ্বস্বান্ত তেওঁলোক ৷ তেওঁলোকৰ ঘৰৰ ভিতৰত আৰু চোতালত এতিয়াও একাঠু পানী আৰু বালি বোকা ৷  

পথাৰৰ বিস্তীৰ্ণ অঞ্চল কেৱল বালি আৰু কহুঁৱা ৷ কৃষিজীৱী ৰাইজে শস্যৰ মংগলৰ বাবে পালন কৰি অহা কাতি বিহুত এতিয়া কেৱল দুখৰ হুমুনিয়াহ কাঢ়িছে ৷ অঞ্চলটোৰ নিতুল গগৈ,ৰত্নেশ্বৰ গগৈ, বনমালী গগৈ,নিৰু বৰা আদি পৰিয়ালে আহিন মাহতো পানী বোকা বালিৰ সৈতে সহৱস্থান কৰি এক দুৰ্বিষহ জীৱন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 

লগতে পঢ়ক:Durga Puja2023:ঐতিহ্যমণ্ডিত পুৰাণ শ্ৰীপুৰ দেৱালয়ত শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.