Kati Bihu 2023: দেৰগাঁৱৰ টেকেলা বৰুৱা গাঁৱতো পৰম্পৰাগতভাৱে কাতি বিহু পালন

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:11 PM IST

thumbnail

যোৰহাট, 18 অক্টোবৰ: ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে ৷’’ হয় আজি হেপাহৰ কাতি বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱৰ টেকেলা বৰুৱা গাঁৱতো পৰম্পৰাগতভাৱে কাতি বিহু পালন কৰা হৈছে ।

পৰম্পৰা অনুসৰি, ধাননীডৰা যাতে পোক-পতংগৰ পৰাৰ সুৰক্ষা পাই সেই আশাৰে অসমীয়া শ্ৰমজীৱী কৃষকে কৃষি পথাৰত বন্তি জ্বলাই প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই আহিছে । গাঁৱৰ জীয়াৰী-বোৱাৰী, আই-মাতৃসকল একত্ৰিত হৈ তুলসী গছৰ তলত এগছি বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই টেকেলা বৰুৱা গাঁওৱাসীয়ে । আজি গ্ৰামাঞ্চলৰ কৃষি পথাৰ, ঘৰ-বাৰী সকলোতে আকাশ বন্তিৰ পোহৰত উদ্ভাসিত হৈ পৰিছে ৷

চৌদিশে সেউজীয়া ধাননী পথাৰত দেখিবলৈ পোৱা গৈছে শাৰী শাৰীকৈ জ্বলাই থোৱা বন্তি । শস্যৰে নদন বদন আৰু সুখ শান্তিৰ কামনাৰে কৃষি পথাৰ আৰু তুলসী তলত চাকি জ্বলাই ৰাইজে নেদেখাজনক কৰিলে প্ৰাৰ্থনা  ৷ 

লগতে পঢ়ক:Coal mining affects paddy field: কৃষিৰ মাটিডৰালৈ চাই চকুলো বয় কৃষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.