Kati Bihu in Barpeta: বিলৰতাৰী হাটীৰ ৰাখাল থানত ৩০ ঘণ্টীয়া কাতি বিহুৰ নাম

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:16 PM IST

thumbnail

বৰপেটা, ১৮ অক্টোবৰঃ আজি ৰাজ্যজুৰি পালন কৰা হৈছে কাতি বিহু ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰনগৰী বৰপেটাতো পালন কৰা হৈছে কাতি বিহু ৷ বৰপেটাৰ সত্ৰীয়া পৰম্পৰা অনুসৰি আজি সত্ৰনগৰী বৰপেটাত আৰম্ভ হৈছে কাতিমহীয়া নাম ৷  

বৰপেটাৰ বিলৰতাৰী হাটীৰ ৰাখাল থানত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৩০ ঘণ্টা জোৰা কাতিমহীয়া নাম ৷ সুন্দৰীদিয়া সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ যোৱাৰ পৰত মাধৱদেৱ গুৰুজনাই এই স্থানতে গৰখীয়া ল'ৰা আৰু চৰি ফুৰা গৰুবোৰ দেখি দুটাকৈ বৰগীত ৰচনা কৰিছিল ৷  গুৰুজনাৰ পদৰেণু বিজৰিত থানখনত সত্ৰীয়া পৰম্পৰা অনুসৰি কাতি বিহুৰ দিনটোত এইদৰে পালনাম অনুষ্ঠিত কৰাৰ পৰম্পৰা চলি আহিছে  ৷  

উক্ত পৰম্পৰা অনুসৰিয়েই বৰপেটাৰ প্ৰতিখন সত্ৰ, নামঘৰ, থান, হাটীয়াৰ ঘৰ আদিতো অনুষ্ঠিত হ'ব কাতিমহীয়া নাম ৷ বৰপেটাত সমগ্ৰ কাতি মাহটোৰ প্ৰতিটো দিনতে থান সত্ৰসমুহত কাতিমহীয়া নাম অনুষ্ঠিত হয় ৷ কাতিমহীয়া নামৰ পৰম্পৰা অনুসৰি আজি ৰাখাল থানত অনুষ্ঠিত কাতিমহীয়া নামত বৰপেটাৰ নামদল সমুহৰ লগতে ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Kati Bihu 2023 : আমগুৰিতো কাতি বিহুৰ ভাললগা দৃশ্য, ব্যস্ত হৈ পৰিল শিশুৰ পৰা বৃদ্ধলৈকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.