Kati Bihu 2023 : আমগুৰিতো কাতি বিহুৰ ভাললগা দৃশ্য, ব্যস্ত হৈ পৰিল শিশুৰ পৰা বৃদ্ধলৈকে

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 5:03 PM IST

thumbnail

আমগুৰি, ১৮ অক্টোবৰ : অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে কাতি বিহুৰ এক সুকীয়া মাত্ৰা । অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে এই কাতি বিহু । কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননিডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে । আমগুৰিৰ ঘৰফলীয়া জাপিসজীয়াতো চলিছে কাতি বিহুৰ আয়োজন । সাজু কৰি তোলা হৈছে আকাশ বন্তি । পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈকে । পুৱাতেই আপোন খেতিডৰা চাবলৈ ঢাপলি মেলাৰ পৰা গাঁৱৰ শিশু-কিশোৰ-কিশোৰীসকলৰ মাজত তুলসী পুলিৰ ভেঁটি স্থাপনৰ অঘোষিত প্ৰতিযোগিতাত সকলো ব্যস্ত হৈ উঠা দেখা গ’ল । আমগুৰিৰ ঘৰফলীয়া জাপিসজীয়াত তুলসীৰ তলত পৰিবেশন কৰা দিহানাম আৰু প্ৰাৰ্থনাৰে জীপাল হৈ উঠিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.