Kati Bihu 2023: কাতি বিহু, ঔটেঙাৰ চাকি আৰু এখন নিভাজ অসমীয়া গাঁও

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:59 PM IST

thumbnail

বঙাইগাঁও, 18 অক্টোবৰ : কাতি বিহু মানেই আনন্দৰ দিন । পথাৰৰ সেউজসেৰীয়া ধাননিডৰাক ৰক্ষা কৰি বছৰজোৰা শ্ৰমৰ সাৰ্থকতা বিচাৰি কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়া ৰাইজে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায় ।

আজি কাতি বিহুৰ প্ৰস্তুতি সমগ্ৰ ৰাজ্যজুৰি চলিছে । অভাৱ অনাটনৰ মাজত জুৰুলা হৈ পৰা কৃষিজীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন । সমগ্ৰ ৰাজ্যৰ এই আনন্দ উৎসৱৰ সৈতে নিজকে বিলাই দিবলৈ সাজু হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাইজো । জিলাখনৰ অভয়াপুৰী শিঙিমাৰী গাঁওবাসীৰ মাজতো কাতি বিহুক লৈ দেখিবলৈ পোৱা গৈছে উলাহৰ বন্যা ।

ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰি পথাৰত চাকি জ্বলাবলৈ গাঁওবাসীয়ে বিচাৰি আনিছে ভালৰো ভাল ঔ টেঙাটি । নামনি অসমৰ ৰাইজৰ মাজত বিশ্বাস আছে যে, কাতি বিহুৰ দিনা বাঁহৰ শলাত ঔ টেঙাৰ বাকলি লগাই তাত শলিতাৰে চাকি জ্বলালে আই লখিমী সন্তুষ্ট হয় । সেয়ে বাৰীৰ বাঁহনিৰ পৰা বাঁহ কাটি প্ৰস্তুত কৰি তুলিছে শলা । এতিয়া গাঁওবাসীৰ অপেক্ষা মাথোন সন্ধিয়ালৈ ।

লগতে পঢ়ক : Kati Bihu 2023:কাতি বিহুত কিয় চৰ্চালৈ আহিল যোৰহাটৰ দীপ বৰা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.