প্ৰথমবাৰৰ বাবে মাজুলীত কথক নৃত্য পৰিৱেশন

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:34 PM IST

thumbnail

মাজুলী, 7 জানুৱাৰী : মাজুলীত পোনপ্ৰথমবাৰৰ বাবে কথক নৃত্য পৰিৱেশন কৰিলে দিল্লীৰ পৰা অহা এটি কথক নৃত্যৰ দলে ৷ শনিবাৰে নিশা মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত দলটিয়ে পৰিৱেশন কৰে কথক নৃত্য।

সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত লগতে সাংস্কৃতিক মন্ত্ৰালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় কথক কেন্দ্ৰৰ পৰা আহি মাজুলীত শ্ৰীকৃষ্ণৰ গাঁথাৰে পৰিৱেশন কৰে কথক নৃত্য । উত্তৰ প্ৰদেশৰ পৰম্পৰাগত কথক নৃত্য পৃথিৱীৰ জনপ্ৰিয় নৃত্যৰ ভিতৰত অন্যতম । শ্ৰীকৃষ্ণৰ নৃত্য, গোবৰ্ধন লীলা, কলিয়াদমন, হোলিকে ধৰি বিভিন্ন নৃত্য উপস্থাপনেৰে ৰাইজৰ সমাদৰ লাভ কৰে কথক নৃত্যৰ দলটিয়ে । আনহাতে, ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কথক নৃত্য পৰিৱেশন কৰি দলটোৱে সন্মান বুটলাৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াবলৈও সক্ষম হৈছে । 

লগতে পঢ়ক : হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰং ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.