Karbi Tredation School: ডকমোকাত কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয় মুকলি

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:38 PM IST

thumbnail

ডিফু, 8 অক্টোবৰ : দেওবাৰে ডকমোকাত কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয় উদ্বোধন কৰে তুলিৰাম ৰংহাঙে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ’ৰ উপস্থিতিত সংগীত বিদ্যালয়খন উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিধায়ক বিদ্যাচিং ইংলেং, দৰচিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকল ৷

পৰম্পৰাগত সংগীত বিদ্যালয়খন উদ্বোধন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙৰ যুৱক-যুৱতীসকলে বিশেষকৈ ডকমকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ যুৱক-যুৱতীসকল উপকৃত হ’ব ৷ এই বিদ্যালয়ৰ জৰিয়তে পৰম্পৰাগত কলা-সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণৰ বহু সুযোগ লাভ কৰিব বৰ্তমানৰ প্ৰজন্মই ।

কলা আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলে জনোৱা মতে, ইতিমধ্যে তেওঁলোকে বিভিন্ন শাখাত প্ৰথম বেটচৰ বাবে মুঠ 20 জন যুৱকে নামভৰ্তি কৰা বুলি জানিবলৈ দিছে ৷ 

লগতে পঢ়ক:Karbi Youth Festival Golden Jubilee: কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ অভ্যৰ্থনা সমিতি গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.