ETV Bharat / state

Karbi Youth Festival Golden Jubilee: কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ অভ্যৰ্থনা সমিতি গঠন

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:38 PM IST

কাৰ্বি যুৱ মহোৎসৱলৈ আমন্ত্ৰণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক । এই বিষয়ে সদৰী কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

Karbi Youth Festival Golden Jubilee Reception Committee formed
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ

ডিফু, ৬ অক্টোবৰঃ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কাৰ্বি যুৱ মহোৎসৱে । এইবাৰ কাৰ্বি যুৱ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক । আজি তাৰালাংছ'ৰ যুৱ মহোৎসৱস্থলী কাৰ্বি পিপ'লছ হলত সোণালী জয়ন্তী উদযাপনৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয় । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে,' কাৰ্বি কালচাৰেল ছোচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ', বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, বিশিষ্ট কাৰ্বি লেখক,গৱেষক লুঞ্চে তিমুং, কাৰ্বি লাম্মেত আমেই (সাহিত্য সভা), বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এখন গাম্ভীৰ্যপূৰ্ণ সভাত সোণালী জয়ন্তী উদযাপন বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক:Shiksha Setu app row: নিয়মীয়াকৈ দৰমহা পাই আছে যেতিয়া কাম সমূহো নিষ্ঠাৰে কৰক: শিক্ষকক শিক্ষামন্ত্ৰীৰ উপদেশ

ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীক ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু সম্পাদকৰূপে নিৰ্বাচিত কৰা হয় । উল্লেখযোগ্য যে প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ এইবাৰ ১২ জানুৱাৰীৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Cricket World Cup 2023 : ২০২৩ ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয় মেচ; নেদাৰলেণ্ডৰ সন্মুখত ২৮৭ ৰাণৰ বিজয় লক্ষ্য দিলে পাকিস্তানে

উল্লেখ্য় যে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ যুৱ মহোৎসৱৰ তাৰিখৰ সাল-সলনি কৰা হৈছে । মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এইবাৰ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু মুখ্য অতিথি ৰূপে উপস্থিত থাকিব । সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ৪ কোটি টকাৰ বাজেট ধাৰ্য কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । সকলো জাতি-জনগোষ্ঠীক একত্ৰিত হৈ এই যুৱ মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰংহাঙে সকলোকে আহ্বান জনাইছে ।

লগতে পঢ়ক:Tea Tribes Cultural Centre Dibrugarh: সোণোৱালে মুকলি কৰা উদ্যান ভৰিছে হাবি-জংঘলেৰে, চাহ জনগোষ্ঠীয় নেতাক অপমানৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.