ETV Bharat / sports

Cricket World Cup 2023 : প্ৰথম মেচত নেদাৰলেণ্ডক ৮১ ৰাণত পৰাস্ত পাকিস্তানৰ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:51 PM IST

Updated : Oct 6, 2023, 9:46 PM IST

বৃহস্পতিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিজৰ প্ৰথম মেচত পাকিস্তান আৰু নেদাৰলেণ্ডৰ মাজৰ মেচ অনুষ্ঠিত হয় । মেচখনত পাকিস্তানে নেদাৰলেণ্ডক ৮১ ৰাণত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি পাকিস্তানে ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৬ ৰাণ কৰিছিল ।

Cricket World Cup 2023
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ : আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ দ্বিতীয় মেচত শুকুৰবাৰে পাকিস্তানে নেদাৰলেণ্ডক ৮১ ৰাণত পৰাস্ত কৰে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছে পাকিস্তানৰ বিৰুদ্ধে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি পাক দলে ২৮৬ ৰাণ সংগ্ৰহ কৰে । উল্লেখনীয় কথাটো হৈছে, পাক দলে সম্পূৰ্ণ অভাৰ খেলাত ব্যৰ্থ হয় । ৪৯ অভাৰত পাকিস্তান অলআউট হয় ।

নেদাৰলেণ্ডৰ বলিং আক্ৰমণৰ সন্মুখত পাক বেটছমেনসকলে নিজৰ স্বাভাৱিক খেল প্ৰদৰ্শনত ব্যৰ্থ হয় । অপেনাৰ ফখৰ জামান আৰু ইমাম-উল হকে দলক স্থিৰতাপূৰ্ণ আৰম্ভণি প্ৰদানত ব্যৰ্থ হয় । আনহাতে, অধিনায়ক বাবৰ আজমেও স্বাভাৱিক ছন্দত খেলাত ব্যৰ্থ হয় । আৰম্ভণিতে ৩৩ ৰাণৰ ভিতৰতে পাকিস্তানে আগশাৰীৰ তিনিজন বেটছমেনক হেৰুৱাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ইয়াৰ পিছত অৱশ্যে মহম্মদ ৰিজৱান আৰু সাউদ চাকিলে পাকিস্তানী ইনিংছ চম্ভালে ।

মহম্মদ ৰিজৱানে ৭৫ বলত ৬৮ আৰু সাউদ চাকিলে ৫২ বলত ৬৮ ৰাণ সংগ্ৰহ কৰে । এই দুগৰাকী বেটছমেনৰ দৃঢ়তাৰ বাবেই পাকিস্তানে এক সন্মানজনক স্ক'ৰ কৰিবলৈ সক্ষম হয় । আনহাতে, নেদাৰলেণ্ডৰ সফল বলাৰ হৈছে বছ ডি লেডে । তেওঁ ৯ অভাৰত ৬২ ৰাণ খৰচ কৰি পাকিস্তানৰ ৯ টা মূল্যৱান উইকেট দখল কৰে ।

আনহাতে, ২৮৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৪১ অভাৰত মাত্ৰ ২০৫ ৰাণতে থমকি ৰয় নেদাৰলেণ্ডৰ ইনিংছ । নেদাৰলেণ্ডৰ হৈ সৰ্বাধিক ৰাণ কৰে বছ ডি লেডে । তেওঁ ৬৮ টা বলত ৬৭ ৰাণ কৰি আউট হয় । আনহাতে, ভাৰতীয় মূলৰ বিক্ৰমজিত সিঙে ৬৭ বলত ৫২ ৰাণৰ অৱদান আগবঢ়ায় । আনহাতে, মেচখনত পাকিস্তানৰ সফল বলাৰ হৈছে হাৰিছ ৰৌফ । হাৰিছে ৯ অভাৰত ৪৩ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰে । হাচান আলীয়ে দুটা উইকেট হস্তগত কৰে ।

উল্লেখ্য যে পাকিস্তানে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুয়োখন ৱাৰ্ম-আপ মেচতে পৰাস্ত হৈছিল । সেয়ে বিশ্বকাপৰ লীগ পৰ্যায়ৰ এই প্ৰথমখন মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভেৰে পুনৰ জয়ৰ ছন্দলৈ উভতি আহিব বিচাৰিছিল বাবৰ বাহিনী । সেয়ে এই মেচখনত সহজ বিজয়ে আগন্তুক মেচবোৰৰ বাবে পাকিস্তানৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব ।

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত অপ্ৰতিৰোধ্য ভাৰতীয় ক্ৰিকেট দল

Last Updated : Oct 6, 2023, 9:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.