CM vigilance raid: উৎকোচ লৈ গ্ৰেপ্তাৰ কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:23 PM IST

thumbnail

গুৱাহাটী, ১৬ অক্টোবৰ: নাও বুৰিলেও টিঙৰ পৰা নানামে একাংশ চৰকাৰী কৰ্মচাৰীয়ে ৷ বিগত দিনসমূহত ৰাজ্যজুৰি ইজনৰ পিচত সিজনকৈ চৰকাৰী কৰ্মচাৰী-বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পিচতো এতিয়াও গা লৰা নাই একাংশৰ ৷ এইবাৰ পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী শীৰ্ষ বিষয়াই। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ।

এই অভিযানত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা । চৰকাৰী কামৰ ফাইল ৰখাই ধনদাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল দীপাংকৰ কলিতাৰ বিৰুদ্ধে । ইয়াৰ পিচতে সোমবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে সহকাৰী আয়ুক্তগৰাকীক । আজি দুৰ্নীতি নিবাৰক শাখাই পতা ফান্দত বন্দী হ'ল ঘোচখোৰ সহকাৰী আয়ুক্তগৰাকী ৷ বৰ্তমান দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই আছে সহকাৰী আয়ুক্তগৰাকীৰ কক্ষত ৷ 

লগতে পঢ়ক: Guwahati Murder: পত্নীৰ শাৰীৰিক তথা মানসিক অত্য়াচাৰৰ বলি হৈছিল অঞ্জন, ভাতৃৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.