ETV Bharat / state

Guwahati Murder: পত্নীৰ শাৰীৰিক তথা মানসিক অত্য়াচাৰৰ বলি হৈছিল অঞ্জন, ভাতৃৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 2:03 PM IST

দোষীক কৰায়ত্ত কৰাৰ পাচতেই অঞ্জন নাথৰ জ্যেষ্ঠ ভাতৃ অজয় নাথৰ বিস্ফোৰক মন্তব্য ৷ বহু দিনৰ পৰা পত্নীয়ে ব্লেকমেইল কৰি আছিল অঞ্জনক ৷

ANJAN Nath brother reaction
পত্নীৰ শাৰীৰিক তথা মানসিক অত্য়াচাৰৰ বলি হৈছিল অঞ্জন-ভাতৃ

পত্নীৰ শাৰীৰিক তথা মানসিক অত্য়াচাৰৰ বলি হৈছিল অঞ্জন-ভাতৃ

গুৱাহাটী, ১৬ অক্টোবৰ: যোৱা 12 অক্টোবৰত খানাপাৰাৰ কইনাধৰাত জনসমাগমৰ মাজতে অঞ্জন নাথ নামৰ যুৱকক গুলীয়াই হত্যা কৰা হৈছিল ৷ তাৰ পিচতে এই ঘটনা ক্ৰমে ঘন ৰহস্যৰ আৱৰ্তলৈ সোমাই পৰিছিল ৷ ঘটনা সন্দৰ্ভত দেওবাৰে নিশা আৰক্ষীয়ে আটক কৰিছিল অঞ্জনৰ পত্নীৰ পিতৃ অৰিজিৎ‍ সিনহাক। নিজকে অঞ্জন নাথৰ পত্নী বুলি দাবী কৰা মহিলাগৰাকীৰ লগতে তেওঁৰ চতুৰ্থ প্ৰেমিক সৌৰভ গোৱেংকা, তেওঁৰ মাতৃ, অৰবিন্দ ৰয় আৰু গোবিন্দ কুমাৰক আটক কৰাৰ পিচতেই সমগ্ৰ ঘটনাই অন্য মোৰ লৈছিল ৷

পোহৰলৈ অহা অনুসৰি, এই সমগ্ৰ ঘটলাৰ মূল পৰিচালক আছিল মহিলাগৰাকীৰ পিতৃ অৰিজিৎ‍ সিনহা ৷ তেওঁৰ পৰিকল্পনাক কাৰ্যত ৰূপ দিছিল ফাঁচী বজাৰৰ ড্ৰাই ফ্ৰুইটছৰ ব্যৱসায়ী তথা অঞ্জনৰ পত্নীৰ প্ৰেমিক সৌৰভ গোৱেংকাই। সৌৰভ গোৱেংকায়েই অঞ্জন নাথক গুলীয়াই হত্যা কৰিছিল বুলি ইতিমধ্যেই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।

সৌৰভ গোৱেংকাৰ কৰ্মচাৰী অৰবিন্দ ৰয়ে সমগ্ৰ ঘটনা সংঘটিত কৰাত গোৱেংকা আৰু সিনহাক সহায় কৰিছিল। ইফালে হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো বিহাৰৰ গোবিন্দ কুমাৰ নামৰ লোকজনে বিহাৰৰ পৰা আনি দিছিল বুলিও পোহৰলৈ আহিছে ৷

ইয়াৰ পিচতেই মৃত অঞ্জন নাথৰ ভাতৃ অজয় নাথে সংবাদমাধ্যমৰ আগত কয়, "মোৰ সন্দেহ আজি সত্য প্ৰমাণিত হ’ল। অঞ্জনৰ পত্নীৰ পৰিকল্পনাতে হত্যা কৰা হৈছিল অঞ্জনক। দীৰ্ঘদিনৰ পৰা মানসিক অশান্তিত ভুগি আছিল অঞ্জন। অঞ্জনক প্ৰথমে মানসিক আৰু তাৰ পিছত শাৰীৰিকভাৱে অত্যাচাৰ চলাই আছিল পত্নী গীতাশ্ৰীয়ে। অৱশেষত গীতাশ্ৰী আৰু তাইৰ প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা কৰে অঞ্জনক। দোষী যাতে আইনৰ সুৰুঙাৰে কোনো কাৰণতে পাৰ হৈ যাব নোৱাৰে তাৰ বাবে আৰক্ষীলৈ অনুৰোধ জনাইছো ৷"

আনহাতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে ৷ উল্লেখ্য যে অঞ্জন নাথক গুলীয়াই হত্যা কৰাৰ পিচতে অঞ্জন নাথৰ জ্যোষ্ঠ ভাতৃয়ে এই হত্যাকাণ্ডৰ লগত পত্নী গীতাশ্ৰী সিনহা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিচতেই পত্নী গীতাশ্ৰী সিনহাই এই অভিযোগ নস্যাৎ কৰি এটাৰ পিচত আন এটা ভাষ্য প্ৰদান কৰিছিল সংবাদ মাধ্যমৰ আগত।

লগতে পঢ়ক:Guwahati Murder: এই পৰ্যন্ত ৰহস্য কোনে কি কাৰণে হত্যা কৰিলে অঞ্জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.